"নিচিনো তোমাক ক’ত আছা প্ৰভু
আমি অতি সৰু ল’ৰা।
চিঞৰি চিঞৰি মাতিলে তোমাক
নামাতা দূৰৈৰ পৰা।।"

'ঈশ্বৰ' পদ্য তথা প্ৰাৰ্থনাৰে আৰম্ভণি হৈছিল আমাৰ শিক্ষাৰ সময়। 'কুঁহিপাঠ'ৰ অন্তৰ্গত 'বিহগী কবি' ৰঘুনাথ চৌধাৰীদেৱৰ এই পদ্যটোৰ সৈতে পুৱা আৰু সন্ধিয়াবোৰৰ এক নিকট সম্পৰ্ক আছিল। যিটো মচিব নোৱাৰাকৈ নষ্টালজিয়া হৈ ৰৈ গ'ল।
      'ঈশ্বৰ', 'কেতেকী' ইত্যাদি কবিতাৰ জৰিয়তে কিতাপৰ পাতত চিনাকি হৈছিলোঁ 'বিহগী কবি'ৰ সৈতে। কবিতা আৰু কবিৰ প্ৰতি কেনেকৈ, ক'ত, কেতিয়া প্ৰেমত পৰিলোঁ নাজানো। কিন্তু, 'ঈশ্বৰ' প্ৰাৰ্থনাৰে পৰিচয় পাইছিলোঁ ৰঘুনাথ চৌধাৰীৰ, 'কেতেকী' কবিতাৰে প্ৰেমত পৰিছিলোঁ।      আমি পঢ়িলোঁ, শিকিলোঁ। আমাৰ আগৰ কালছোৱাত কেনেকুৱা পাঠ্যক্ৰম আছিল বহুত বেছি জ্ঞাত নহয়, তথাপি মাৰ মুখত, ঘৰৰ আন সদস্যৰ মুখত শুনি কিছু জানিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোকৰো ভাগ্যত এনেকুৱা পাঠ পঢ়াৰ সুবিধা মিলিছিল। আমাৰ অগ্ৰজসকলে শিকিলে, আমি শিকিলোঁ কিন্তু আমাৰ অনুজসকলে ক'ৰ পৰা শিকিব! তেওঁলোকৰ প্ৰতি জানো আমাৰ দায়িত্ব নাই, এনেকুৱা ব্যক্তিসকলৰ লগত পৰিচয় কৰাই দিয়াৰ!     বৰ্তমান চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰম, যিটো এনেকৈ কৈ বা লিখি ভালকৈ বুজাব নোৱাৰি। যিসকলে বাস্তৱত সেই জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁলোকে ভালকৈ জানে।    হয়, যুগৰ লগত পৰিৱৰ্তন প্ৰয়োজনীয়। কিন্তু, এনেকুৱা কিছুমান পৰিৱৰ্তন হয়তো নালাগে যিবোৰৰ ফলত আমাৰ লাভৰ বিপৰীতে লোকচান হোৱাৰ সম্ভাৱনা বেছি। নিজৰ ঘৰখনৰ কথা নজনাকৈ আমি আনৰ ঘৰৰ কথা বা আচাৰ-ব্যৱহাৰ শিকিবলৈ যোৱাৰ কিবা যুক্তি আছেনে?    'কুঁহিপাঠ' গ'ল, 'অংকুৰণ' আহিল। ভাল কথা, আমি প্ৰথম বীজৰ গজালিৰ পৰা শিকিব লাগে। কিন্তু, সেই বীজৰ গজালি উলিয়াবলৈ আমি ঘৰৰ সাৰুৱা মাটি এৰি যদি জাবৰ-জোথৰৰ ওপৰত, আঁৰ-বেৰ নোহোৱা ঠাইত বা লোকৰ মাটিত সিঁচিবলৈ যাওঁ; সেই বীজৰ গজালি ভালকৈ ওলাই লহপহকৈ বাঢ়িবনে?    অসমীয়া সাহিত্যৰ জগতখন ইমানেই সমৃদ্ধিশালী যে তাত বিচাৰিলে শিশুৰ পৰা বৃদ্ধলৈকে পঢ়িব-শিকিব পৰা বিষয় বহুত আছে। যিবোৰ বিষয়ে সেই লেখক বা ৰচকসকলৰ লগতো পৰিচয় হোৱাৰ সহায়ক হয়। যাৰ ফলত উঠি অহা শিশুসকলে ক্ৰমান্বয়ে বহুতো কথা আৰু পুৰোধা ব্যক্তিৰ বিষয়েও জানিবলৈ সুবিধা পাব।
(এইসকল ব্যক্তিৰ কথা আমাৰ জ্যেষ্ঠসকলে ফেইচবুক বা কাকতত মাজে-সময়ে লিখি প্ৰকাশ কৰিলে আমাৰ বাবে লাভজনক হ'লহেতেন। যিটো সচৰাচৰ দেখিবলৈ নাপাওঁ।)
     ৰঘুনাথ চৌধাৰী মাত্ৰ এটা উদাহৰণ হিচাপেহে দাঙি ধৰা হৈছে। এনেকুৱা বহুতো ব্যক্তি আছে যিসকলৰ কথা পাঠত পঢ়ি আমি শিকিছোঁ। এতিয়া নিজে যেতিয়া চৰকাৰী বিদ্যালয়ৰ কিতাপখন হাতত লওঁ, এনেকুৱা কথাবোৰে বৰকৈ আমনি কৰে। কিবা এটা অভাৱ অনুভৱ কৰোঁ!    তাৰোপৰি, কিছুমান কৰ্মকাণ্ডই বহুত দুখ দিয়ে।
'ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম'-এ প্ৰস্তুত কৰি উলিওৱা এই পুথিসমূহত বহুতো বিসংগতি চকুত পৰে। ইয়াৰ উপৰিও, বেছি দুখলগা কথা হ'ল দুই-এটা আমাৰ আপুৰুগীয়া গীত তথা প্ৰবন্ধৰ বাক্যাংশৰ পৰিৱৰ্তন কৰি ছপা কৰিছে, যিবোৰে সেই সৃষ্টিৰ গৰিমা হ্ৰাস কৰিছে।

[বিঃদ্ৰঃ:- এই কথাখিনি মনলৈ অহাৰ কাৰণটো হ'ল, ৰাতিপুৱা মোৰ ছোৱালীজনীয়ে এই প্ৰাৰ্থনাটো গাই আছিল। তাই পঢ়ে 'শংকৰদেৱ শিশু নিকেতন'-ত, আৰু সেই প্ৰতিস্থানসমূহৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰে 'বিদ্যাভাৰতী'-এ। মোৰ উদ্দেশ্য এইটো নহয় যে কোনোবা এটা প্ৰতিষ্ঠানক উচ্চ স্থান দি আন এটাক অসন্মান কৰিছোঁ। এই যে প্ৰভেদটো, এইটো আতৰাই সকলো একেই কৰিব নোৱাৰিনে! মোৰ বিদ্যালয়খন অসমৰ অন্তৰ্গত আৰু সেই বিদ্যালয়খনো অসমৰ অন্তৰ্গত। কিন্তু তাত প্ৰভেদ আকাশ-পাতল যেন লাগে।
আচৰিত লাগে, নিজকে দোষী অনুভৱ হয়, আমি কি শিকাব পাৰিছোঁ! এফালে কিছুমান শিশুৱে কোনফালে গৈছে, আৰু আনফালে কোনটো দিশে গতি কৰিছে!
নাজানো মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ নে নাই, তথাপি চেষ্টা কৰিছোঁ। আশাকৰোঁ বিজ্ঞসকলে মতামত ৰাখিব।